Click To View Maharajat Jayanti Updates

Principal’s Address


“ন হি জ্ঞানেন সদৃশ্যম পবিত্রমিহ বিদ্যতে।”

জ্ঞানৰ তীর্থ একোখনি বিদ্যালয় । শিশু-কৈশোৰসকলৰ য’ত জ্ঞানচক্ষু মুকলি হয় । বিদ্যালয়তে শিশুৰ সুপ্ত প্রতিভাৰ বিকাশ হয় । নিজৰ প্রতিভা বিকাশেৰে জগতত নিজৰ স্হান গঢ়াৰ প্রস্তুতি এই বিদ্যালয়তে আৰম্ভ হয় । একোজন সৎ , দায়িত্বশীল নাগৰিকৰ কঠিয়াতলি এই বিদ্যালয় । সেয়েহে একোখনি বিদ্যালয় ছাত্র-ছাত্রীসকলৰ বাবে অতি আদৰৰ, হেপাহৰ আৰু তীর্থ সদৃশ ।

 

নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি গৌৰৱোজ্জল অতীত আছে । নাহৰকটীয়া নগৰ গঢ়ি উঠাৰ প্রাক-মুহূর্ত্তত ৰেল ষ্টেচন স্হাপনৰ সময়তে ১৯৩৯ চনত কেইজনমান মহান জ্ঞানৰ পূজাৰীৰ আপ্রাণ আশাশুধীয়া প্রচেষ্টাত নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গঢ়ি উঠিল । বিদ্যালয়খনি গঢ়াত ঁফটিক চন্দ্র গগৈ, ঁমহেশ্বৰ গগৈ, ঁবেণুধৰ বৰুৱাকে আদি কৰি বহুজন ব্যক্তিৰ নাম বিদ্যালয়ৰ সৈতে একান্ত ভাৱে জৰিত । শিক্ষা, ক্রীড়া আৰু সাহিত্যৰ দিশত এই বিদ্যালয়ে ৰাজ্যৰ এখনি লেখত লবলগীয়া শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে । এই বিদ্যালয়ৰ পৰা ওলাই যোৱা বহুজনে বিশ্বৰ বিভিন্ন প্রান্তত নিজক প্রতিষ্ঠা কৰাৰ উপৰি বিদ্যালয়খনৰ নাম জগতত উজ্জ্বলাই তুলিবলৈ সক্ষম হৈছে । ডিব্রুগড় জিলাৰ পুৰণি বিদ্যালয়সমূহৰ এখন হিচাপে পুৰণি ঐতির্হ্যৰ ধাৰা বর্ত্তমানেও ৰক্ষা কৰি চলিবলৈ বিদ্যালয়খনি সমর্থবান হৈ আছে । আজিও বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ সমর্থ হৈছে । বিদ্যালয়ৰ শ্রদ্ধাৰ শিক্ষক-শিক্ষয়িত্রী, কর্মচাৰীসকলে বিদ্যালয়ৰ হকে নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে । বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী, কর্মচাৰী আৰু ছাত্র-ছাত্রীৰে গঠিত পৰিয়ালে দেশৰ সমাজৰ এটি সবল অংগ হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সদায় প্রচেষ্টা অব্যাহত ৰাখিছে ।

 

আমাৰ বিদ্যালয়খনিয়ে ২০১৪ বর্ষত ৭৫ বছৰ সম্পূর্ণ কৰাৰ উপলক্ষে বিদ্যালয়ৰ শুভাকাংক্ষী, প্রাক্তন ছাত্র-ছাত্রী আৰু নাহৰকটীয়াবাসী ৰাইজে সমবেত হৈ মহাৰজত জয়ন্তী সমাৰোহ উদযাপন কৰিবলৈ আগবাঢ়ি অহা বাবে অতিশয় আনন্দ অনুভৱ কৰিছোঁ । লগতে সেই সদৌটিলৈ মোৰ সশ্রদ্ধ প্রণিপাত জনাইছোঁ । এই মহান অনুষ্ঠান বছৰজোৰা কার্য্যসূচীৰে উদযাপন কৰি অহা হৈছে । বিদ্যালয়ৰ বর্ষজোৰা মহাৰজত (Platinum) জয়ন্তী সমাৰোহৰ অহা ইং ১৬, ১৭ আৰু ১৮ জানুৱাৰী ২০১৫ তাৰিখে অনুষ্ঠিতব্য সামৰণি অনুষ্ঠানলৈ সকলো প্রাক্তন শিক্ষক-শিক্ষয়িত্রী, কর্মচাৰী আৰু প্রাক্তন ছাত্র-ছাত্রী তথা সমূহ শুভাকাংক্ষী ব্যক্তিকে সাদৰেৰে আমন্ত্রণ জনাইছোঁ ।

 

বিদ্যালয়ৰ সর্বাঙ্গীন উন্নতি কামনা কৰিলোঁ ।

 

 

লীলা গগৈ, অধ্যক্ষ

নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়